ছয়গাঁৱত ২০ টা ভূ-মাফিয়া আৰক্ষীৰ জালত

By

Published : Sep 21, 2021, 5:00 PM IST

thumbnail

ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিয়েই ৰাজ্যৰ পৰা দালাল ৰাজ উৎখাত কৰিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ বিগত কিছুদিন পূৰ্ৱে ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়া সকলক ৰাজহ চক্ৰ কাৰ্যালয়ত দীৰ্ঘদিনৰ পৰা চলি থকা দালালৰাজ উৎখাত কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছিল ৷ তাৰ সমান্তৰালভাৱে অসম আৰক্ষীক দালালক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিছিল মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সোমবাৰে নিশা অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অভিযান চলাই মুঠ 443 টা দালালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ একেদৰে দক্ষিণ কামৰূপত ভূ-মাফিয়াৰ বিৰুদ্ধে কামৰূপ আৰক্ষীয়ে সোমবাৰে নিশা অভিযান চলাই । ওৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত অভিযান চলাই ছয়গাঁও, গৰৈমাৰী আদিৰ পৰা ভূ-মাফিয়া তথা মাটিৰ 20 টাকৈ দালালক আটক কৰিবলৈ সক্ষম হয় ৷ ছয়গাঁও আৰক্ষীয়ে আটক কৰা ব্যক্তিকেইজন হ’ল কুকুৰমাৰাৰ বিনোদ দাস, নোৱাপাৰাৰ প্ৰণৱ কুমাৰ দাস, নোৱাপাৰাৰ হৃদয় দাস, নোৱাপাৰাৰ ৰাতুল শৰ্মা, মঠপাৰাৰ জীতেন কলিতা, ভূঞাপাৰাৰ জীতেন কলিতা ওৰফে সোণ, সাপৰটাৰীৰ বিমল চন্দ্ৰ কলিতা, নতুন কটহীৰ দ্বীজেন তালুকদাৰ, মাকেলীৰ বাবুল কলিতা, মাজপাৰাৰ ঘনশ্যাম দাস, আলেগজাৰীৰ শুক্লেশ্বৰ দাস ওৰফে ধন, গৰৈমাৰী লাৰুৱাজানৰ চহৰাব আলী, গৰৈমাৰী ঘোৰামাৰা পথাৰৰ জাকিৰ হুছেইন, গৰৈমাৰী লাৰুৱাজানৰ আব্দুৰ ৰেজ্জাক, গৰৈমাৰী বিহাপাৰাৰ ছিদ্দিক আলী, আগগুমিৰ ছফিকুল ইছলাম, আগগুমিৰ নুৰ মহম্মদ আলী, মাজগুমিৰ কুলুমুদ্দিন, হাতীপাৰাৰ জালালুদ্দিন আৰু হাতীশলা পামৰ ছামচুল আলম । আনহাতে আৰক্ষীৰ এই অভিযানৰ কথা গম পাই নিশাৰ ভিতৰতে ছয়গাঁৱৰ কেইবাগৰাকী মাটিৰ দালালে পলায়ন কৰিছে বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.