লামডিং সংৰক্ষিত বনাঞ্চলত চোৰাং কুণ্ডাসহ এজন কাঠ বেপাৰী আটক

By

Published : Sep 17, 2021, 2:05 PM IST

thumbnail

হোজাই জিলাৰ লামডিং সংৰক্ষিত বনাঞ্চলত চোৰাং কাঠৰ কুণ্ডাসহ এজন কাঠ বেপাৰী আটক ৷ এক গোপন সূত্ৰৰ পম খেদি চোৰাং কাঠবেপাৰীৰ বিৰুদ্ধে অভিযান চলাইছিল বন বিভাগে ৷ অভিযান কালত চোৰাং চেগুণৰ কুণ্ডাসহ এজন কাঠ বেপাৰীক আটক কৰে অভিযানকাৰী দলটোৱে ৷ কিন্তু বন বিভাগৰ লোকে অভিযান চলোৱাৰ সম্ভেদ পাই দুটা কাঠ বেপাৰীয়ে পলায়ন কৰিবলৈ সক্ষম হয় । আটকাধীন কাঠ বেপাৰী জনক লংকা বনাঞ্চলিক কাৰ্যালয়ত সোধ-পোছ চলাই থকা হৈছে । আটকাধীন লোক জনৰ নাম ৰাজীৱ উদ্দিন বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.