মাজুলী জিলা প্ৰশাসনৰ ওপৰত ক্ষোভ নিমাতীঘাট দুৰ্ঘটনাৰ ভুক্তভোগীৰ

By

Published : Sep 17, 2021, 8:58 PM IST

thumbnail

যোৱা 8 চেপ্তেম্বৰত ব্ৰহ্মপুত্ৰ নদীৰ বুকুত সংঘটিত হোৱা ভয়ংকৰ ফেৰী দুৰ্ঘটনাত "মা কমলা" নামৰ ফেৰী খনৰ এগৰাকী যাত্ৰী আছিল মাজুলীৰ বোৱাৰী ৰাখী বৰা হাজৰিকা ৷ তেওঁ বহি থকা নাওখনত বিপৰীত দিশৰ পৰা অহা জাহাজ খনে যেতিয়াই খুন্দা মাৰিছিল ৷ ক্ষন্তেক পাছতেই সেই অভিশপ্ত নাওখন নদীৰ বুকুত ঢাল খাই গৈছিল ৷ অপ্ৰাণ চেষ্টা কৰি নিজৰ জীৱনটো বচাবলৈ সক্ষম হৈছিল মাজুলীৰ সাহসী বোৱাৰী ৰাখী বৰা হাজৰিকাই ৷ সেই ফেৰী দুৰ্ঘটনাৰ পাচত ফেৰখীনৰ পৰা উদ্ধাৰ হোৱা যাত্ৰী সকল যোৰহাট প্ৰশাসনে থকা খোৱাৰ সুন্দৰ ব্যৱস্থা কৰি দিছিল ৷ কিন্তু মাজুলী প্ৰশাসনৰ ওপৰত ক্ষোভ এইগৰাকী বোৱাৰীৰ ৷ কিয়নো আজি পৰ্যন্ত মাজুলী জিলা প্ৰশাসনে খবৰ নল’লে এই গৰাকী বোৱাৰীৰ ৷ নিজকে নিজে প্ৰতিষ্ঠা কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি অহা এই সাহসী বোৱাৰী গৰাকীয়ে নিজৰ দোকানৰ বাবে যোৰহাটৰ পৰা কাপোৰৰ বজাৰ কৰি উভতি আহিবলৈ সেই অভিশপ্ত নাওখনত বহিছিল ৷ তেওঁৰ বহা অলপ সময়ৰ পিছতেই সংঘটিত হৈছিল সেই ভয়াৱহ দুৰ্ঘটনাটো ৷ এই সাহসী বোৱাৰী গৰাকীয়ে নিজৰ জীৱনটো বচাবলৈ সক্ষম হ'ল কিন্তু জীৱিকাৰ বাবে অনা প্ৰায় 3 লাখ টকাৰ কাপোৰ নদীৰ বুকুত জাহ গ’ল ৷ আজিও সেই ভয়াৱহ ঘটনাটোৱে আমনি কৰি আছে সেই সাহসী বোৱাৰী গৰাকীক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.