বোকাখাতৰ আৰ্চাৰ বিশাল চাংমাইক বিশেষ উপহাৰ দিব সাংসদ গৌৰৱ গগৈয়ে

By

Published : Sep 19, 2021, 4:56 PM IST

thumbnail

শেহতীয়াকৈ পোলেণ্ডত অনুষ্ঠিত হোৱা বিশ্ব আৰ্চাৰী যুৱ চেম্পিয়নশ্বিপত অসমৰ বিশাল চাংমাইয়ে দলীয় শাখাত ২ টা সোণ আৰু ব্যক্তিগত শাখাত এটা ব্ৰঞ্জৰ পদক লাভ কৰিছে । অসমৰ যুৱ আৰ্চাৰগৰাকীৰ এই সফলতাত আনন্দিত অসমবাসী । বহু দল-সংগঠনে বিশাল চাংমাইক ইতিমধ্যে সম্বৰ্ধনা জনোৱা দেখা গৈছে । ইয়াৰ লগতে খেলুৱৈগৰাকীক অভিনন্দন জনোৱাৰ উদ্দেশ্যে বোকাখাতৰ বাসগৃহত দেওবাৰে উপস্থিত হয় কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ । সাংসদগৰাকীয়ে আৰ্চাৰ বিশাল চাংমাইক অভিনন্দন জনোৱাৰ লগতে সম্বৰ্ধনা জ্ঞাপন কৰে । ইফালে নিজা ধনু নথকাৰ কথা গম পাই সাংসদগৰাকীয়ে এখন বিশেষ ধনু বিশালক আগবঢ়োৱাৰ কথাও ঘোষণা কৰে । উল্লেখ্য যে অসমৰ আৰ্চাৰ বিশাল চাংমাইয়ে অহা মাহত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰীয় চিনিয়ৰ আৰ্চাৰী প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.