মহা অষ্টমী : ঐতিহাসিক শ্ৰীশ্ৰী কাক গোঁসানী থানত সমাগম হাজাৰ হাজাৰ ভক্ত

By

Published : Oct 13, 2021, 5:44 PM IST

thumbnail

আজি মহাষ্টমী । স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিৰজিত বোকাখাতৰ ঐতিহাসিক শ্ৰীশ্ৰী কাক গোঁসানী (চাতনী) থানত মহাষ্টমীত হাজাৰ হাজাৰ ভক্তৰ সমাগম ৷ বলিৰ বাবে সাজু চাৰিটা ম'হ । প্ৰায় ১৭ শ শতিকাত স্বৰ্গদেউ গদাধৰ সিংহই স্থাপন কৰা এই জাগ্ৰত থানখনত আজিও অব্যাহত আছে দূৰ্গা পূজাত বলি-বিধান । প্ৰতি বছৰৰ দৰে এইবাৰো ম'হৰ লগতে বলিৰ বাবে শতাধিক ছাগলি, হাঁহ, পাৰ, কোমোৰা আদি সাজু কৰা হৈছে থানখনত । ইতিমধ্যেই ম’হ বলিৰ বাবে সাজু কৰি তুলিছে বলিশাল । ভক্তক ক’ভিড SOP পালন কৰি সেৱা আগবঢ়োৱৰ আহ্বান থান পৰিচালনা সমিতিৰ ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.