ধুবুৰীৰ চাপৰত বন বিভাগৰ বৃহৎ অভিযান

By

Published : Oct 2, 2021, 4:44 PM IST

thumbnail

অবৈধ কাঠফলা মিল তথা কাঠৰ ব্যৱসায়ৰ বিৰুদ্ধে ধুবুৰীৰ চাপৰত বন বিভাগৰ বৃহৎ অভিযান ৷ চাপৰৰ হৰ্দেমাৰা অঞ্চলত চলিল বন বিভাগৰ এই অভিযান ৷ অভিযানত জব্দ হৈছে 2 টা অবৈধ ভ্ৰাম্যমাণ কাঠফলা মিল সহ বহু মূল্যবান গছৰ কুণ্ডা ৷ জব্দকৃত কাঠৰ কুণ্ডা সমূহৰ বজাৰ মূল্য 2 লক্ষাধিক টকা হ'ব বুলি জানিব পৰা গৈছে ৷ জব্দকৃত কাঠৰ কুণ্ডাখিনিৰ লগতে কাঠফলা মেচিন দুটা বহলপুৰ আঞ্চলিক বন বিভাগৰ কাৰ্যালয়লৈ লৈ যোৱা হৈছে ৷ ঘটনা সংক্ৰান্তত বন বিভাগৰ তদন্ত অব্যাহত আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.