ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ আৰম্ভ হ’ল এটা ইঞ্জিনযুক্ত ফেৰী সেৱা

By

Published : Oct 9, 2021, 7:29 AM IST

thumbnail

শুকুৰবাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত পুনৰ চলিল এটা ইঞ্জিনযুক্ত ফেৰী ৷ যোৱা 8 ছেপ্তেম্বৰত সংঘটিত ফেৰী দুৰ্ঘটনাৰ পিছৰে পৰা বন্ধ হৈ আছিল এটা ইঞ্জিনযুক্ত ফেৰীৰ চলাচল ৷ দুৰ্ঘটনা সংঘটিত হোৱাৰ এমাহ পিছত 8 অক্টোবৰ অৰ্থাৎ শুকুৰবাৰে কমলাবাৰী ঘাটৰ পৰা নিমাতী অভিমুখে চলে প্ৰথমখন এটা ইঞ্জিনযুক্ত ফেৰী ৷ ফেৰীখনে 100 জন যাত্ৰীৰ সৈতে নিমাতীলৈ যাত্ৰা কৰে ৷ ফেৰীত থকা সকলো কৰ্মচাৰীকে প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ লগতে ফেৰীসমূহত যাত্ৰীৰ সুৰক্ষাৰ দিশত পূৰ্বতকৈ অধিক গুৰুত্ব প্ৰদান কৰা হৈছে বুলি জনায় আভ্যন্তৰীণ জল পৰিৱহণ বিভাগৰ কৰ্মচাৰীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.