নলবাৰীত বড়ো সমাজৰ মাইনাও ফোৰ্বো পালন

By

Published : Oct 20, 2021, 1:40 PM IST

thumbnail

নলবাৰী জিলা বাথৌ মহাসভাৰ উদ্যোগত মঙলবাৰে নাহেৰবাৰীৰ খেলপথাৰত মাইনাও ফোৰ্বো (লক্ষ্মী পূজা) আৰু কাতিগাছা উৎসৱ অনুষ্ঠিত কৰা হয় ৷ জিলাখনৰ বিভিন্ন প্ৰান্তত সিঁচৰিত হৈ থকা প্ৰায় ১৭ খন গাঁৱৰ লোকে এই উৎসৱত অংশগ্ৰহণ কৰে ৷ ইয়াৰ জৰিয়তে বছৰটোৰ বাবে লখিমীক আদৰাৰ উপৰিও কৃষকৰ ভঁড়াল টনকিয়াল হ’বলৈ আৰু কীট-পতংগই যাতে কৃষিৰ অনিষ্ট সাধন কৰিব নোৱাৰে, তাৰ বাবে ইষ্ট দেৱতাক প্ৰাৰ্থনা জনোৱা হয় ৷ সম্পূৰ্ণ বড়ো সমাজৰ ৰীতি-নীতি অনুসৰি নাহেৰবাৰীৰ খেলপথাৰত প্ৰায় পাঁচ শতাধিক লোক সমবেত হৈ বড়ো পৰম্পৰাৰে মণ্ডপ তৈয়াৰ কৰি লক্ষ্মী পূজা আৰু কাতিগাছা পালন কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.