Lat Mandal Arrested: দুৰ্নীতিৰ অভিযোগত ধুবুৰীত গ্ৰেপ্তাৰ লাট মণ্ডল

By

Published : Jan 28, 2022, 10:40 PM IST

thumbnail

বিভিন্ন কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগৰ বাবে আৰক্ষীৰ ৰোষত পৰিল ধুবুৰীৰ ৰাজহ চক্ৰৰ লাট মণ্ডল অমল কৃষ্ণ ৰায়(lat mandal arrested at Dhubri)৷ দুৰ্নীতিৰ অভিযোগৰ ভিত্তিত ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰে মণ্ডলগৰাকীক । জানিব পৰা মতে ধুবুৰীৰ গোলকগঞ্জৰ ৰতিয়াদহ অঞ্চলৰ নিবাসী লাট মণ্ডল অমল কৃষ্ণ ৰায় । উল্লেখ্য যে, কৰ্মস্থলীৰ পৰা ঘৰলৈ ওভতাৰ পিছত ২০ জানুৱাৰীত ক'ভিডত আক্ৰান্ত হৈ ধুবুৰী ক’ভিড কেয়াৰ হস্পিতালত চিকিৎসাধীন হৈ আছিল লাট মণ্ডলগৰাকী ৷ ইয়াৰ পিছতে লাট মণ্ডলগৰাকী ক’ভিড মুক্ত হোৱাৰ খবৰ লাভ কৰাৰ পিছতে পুৱা আৰক্ষীৰ এটা দল ধুবুৰী ক’ভিড কেয়াৰ হস্পিতালত উপস্থিত হৈ হস্পিতালৰ পৰাই আটক কৰে লাট মণ্ডল অমল কৃষ্ণ ৰায়ক । সম্প্ৰতি আৰক্ষীয়ে লাট মণ্ডলগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ U/S 409 IPC R/W Sec. 7PC ধাৰাৰ অধীনত 45/22 নম্বৰৰ এটা গোচৰ ৰুজু কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.