নিমাতীঘাটৰ দুৰ্ঘটনাত মৃত্যু হোৱা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ শেষকৃত্য সম্পন্ন

By

Published : Sep 14, 2021, 9:42 PM IST

thumbnail

এক শোকাকুল পৰিৱেশৰ মাজত মঙলবাৰে শেষকৃত্য সম্পন্ন হ’ল নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাত মৃত্যু হোৱা চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ ৷ শ শ লোকৰ উপস্থিতিত যোৰহাটৰ তৰাজান শ্মশানত শেষকৃত্য সম্পন্ন হয় চিকিৎসক গৰাকীৰ ৷ প্ৰয়াত চিকিৎসক গৰাকীৰ শেষ যাত্ৰাত শোকস্তব্ধ হৈ পৰে সমগ্ৰ যোৰহাট চহৰ ৷ উল্লেখ্য যে, মঙলবাৰে উদ্ধাৰ হয় ঘটনাৰ পাছৰে পৰা নিৰুদ্দেশ হৈ থকা চিকিৎসক গৰাকীৰ মৃতদেহ ৷ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাছত পোনে পোনে যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ মৰণোত্তৰ পৰীক্ষা বাবে লৈ যোৱা হয় ৷ পৰীক্ষাৰ পাছত মৃতদেহটো পৰিয়ালৰ লোকক গতাই দিয়ে চিকিৎসালয় কৰ্তৃপক্ষই ৷ ইয়াৰ পাছতে চিকিৎসক গৰাকীৰ গৃহত উপস্থিত হয় মন্ত্ৰী পীযুষ হাজৰিকা সহ সাংসদ তপন গগৈ ৷ আনহাতে শেষ শ্ৰদ্ধাঞ্জলিৰ বাবে বৰুৱা চাৰিআলিস্থিত প্ৰিঞ্চ এনক্লেভলৈ অনা হয় চিকিৎসক বিক্ৰমজিৎ বৰুৱাৰ নিঠৰ দেহ ৷ য'ত ডাঃ বিক্ৰমজিৎ বৰুৱাৰ পৰিয়ালৰ সৈতে বাস কৰিছিল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.