Bogamati picnic spot : বগামাটিৰ সৌন্দৰ্যই মুহিছে বনভোজ দলক

By

Published : Dec 29, 2021, 5:33 PM IST

thumbnail

শীতকাল আৰু বছৰৰ শেষ মানেই বনভোজৰ বতৰ ৷ লগে ভাগে বনভোজ খাবলৈ বুলি সকলোৱে ঢাপলি মেলে মনোৰম সৌন্দৰ্যৰে পৰিপূৰ্ণ বনভোজ থলী সমূহলৈ (Picnic spots of Assam) ৷ এনে এক প্ৰাকৃতি সৌন্দৰ্যৰে ভৰা বনভোজ থলী হৈছে বগামাটি ৷ বিশেষকৈ বছৰৰ শেষৰ ভাগত দেশী-বিদেশী নানা পৰ্যটকেৰে ভৰি পৰেহি সৌন্দৰ্য ৰাণী বগামাটি (Bogamati picnic spots of Baksa) ৷ বাক্সা আৰু ওদালগুৰি জিলাৰ সীমান্তৱৰ্তী তথা ভাৰত-ভূটান সীমান্তৰ বৰনদী বনাঞ্চলৰ গাতে লাগি আছে সৌন্দৰ্য ৰাণী বগামাটি (Bogamati picnic spot in India Bhutan border)৷ প্ৰকৃতিৰ বিনন্দীয়া ৰূপৰ মাজত নিজকে বিলীন কৰিবলৈ মঙলবাৰে বগামাটিত কেইবাসহস্ৰাধিক লোকৰ সমাগম হয় ৷ বগামাটি বনভোজস্থলীৰ উপৰিও দুঃসাহসিক ক্ৰীড়াস্থলী ৰূপেও জনাজাত ৷ নৌকা বিহাৰ, ৰাফটিং, জিপ লাইন, নৈশ যাপন, জংঘল ট্ৰেকিং কৰিব পৰাকৈ বগামাটিত গ্ৰীণ ট্ৰেক এডভেন্সাৰ নামৰ সংস্থাটোৱে বিগত কেইবাবছৰ ধৰি বিশেষ অৰিহণা যোগাই আহিছে ৷ বগামাটিৰ বৌদ্ধ মূৰ্তি(Buddha statue in Bogamati) পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ৷ অসমত এক প্ৰকাৰ বিলুপ্তিৰ পথত থকা বিভিন্ন প্ৰজাতিৰ চৰাই চিৰিকতি দেখিবলৈ পোৱা যায় এই বগামাটিত (Endangered birds in Bogamati) ৷ বগামাটিৰ বগৰীৰো আছে বিশেষ বৈশিষ্ট ৷ গাহৰি মাংস পোৰাৰ পৰা আৰম্ভ কৰি প্ৰায়বোৰ থলুৱা আৰু জনজাতীয় খাদ্য সম্ভাৰ উপলদ্ধ হয় বগামাটিত (Traditional foods in Bogamati picnic spot) ৷ নৱেম্বৰ মাহৰ পৰা ফেব্ৰুৱাৰী মাহলৈ বগামাটি জাতিস্কাৰ হৈ পৰে ৷ বাইহাটা চাৰিআলিৰ পৰা গোৰেশ্বৰ গড়কাপ্টানী পথেৰে নতুবা ৰঙিয়া, তামুলপুৰ, নাগ্ৰীজুলি, গুৱাবাৰী পথেৰে আপুনিও যাব পাৰিব বগামাটিলৈ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.