সেৱাৰ বাবে 20 বছৰো পাতিব পাৰি জন্মদিন : জয়ন্ত মল্ল বৰুৱা

By

Published : Sep 17, 2021, 10:40 PM IST

thumbnail

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰাক লৈ বিৰোধী দল কংগ্ৰেছে কৰা সমালোচনাক কটাক্ষ মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাৰ । প্ৰধানমন্ত্ৰী মোদীৰ জন্মদিনক লৈ সেৱাৰ মনোভাৱৰে কাম কৰা হৈছে । কিন্তু বিৰোধীয়ে সমালোচনা কৰে, উন্নয়নৰ কথা ভাবিব নোৱাৰে । নলবাৰীত এইদৰেই প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিৱ জয়ন্ত মল্ল বৰুৱাই । শুকুৰবাৰৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন ২০ দিনীয়াকৈ পালন কৰিছে বিজেপি কৰ্মীসকলে । সেয়েহে নলবাৰী সমষ্টিৰ ভিন্ন প্ৰান্ততো বিভিন্ন অনুষ্ঠানৰ আযোজন কৰিছে বিজেপিয়ে । নলবাৰী বালিকৰিয়াত নামঘৰত নাম প্ৰসংগ চলিছে মোদীৰ সুস্বাস্থ্য আৰু বিশ্বগুৰুৰ আসনত বহুওৱাৰ বাবে । ইপিনে ৰাইজক সেৱা কৰাৰ বাবে ২০ দিন কিয় ২০ কৰিলেও ক’ব লগা নাই বুলি মন্তব্য কৰে জয়ন্ত মল্ল বৰুৱাই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.