Illegal timber seized: গোলাঘাটত জব্দ চোৰাং কাঠভৰ্তি ট্ৰাক

By

Published : Jan 29, 2022, 6:46 PM IST

thumbnail

গোলাঘাটত বন বিভাগৰ অভিযান ৷ বন বিভাগৰ অভিযানত জব্দ এখন চোৰাং কাঠভৰ্তি ট্ৰাক । উল্লেখ্য যে, নুমলিগড়ৰ পৰা গোলাঘাট অভিমুখে আহি থকা অৱস্থাত AS 03F 0668 নম্বৰৰ এখন 407 বাহনখনৰ পৰা কেইবাটাও কাঠৰ কুণ্ডা জব্দ কৰে বন বিভাগে (Golaghat forest department official seized illegal timber)৷ ইতিমধ্যে এই ট্ৰাকখনৰ চালকক আটক কৰিছে বন বিভাগে । গোলাঘাটত বন বিভাগে জানিবলৈ দিয়া মতে, জব্দকৃত কাঠখিনিৰ বজাৰ মূল্য প্ৰায় সত্তৰৰ পৰা এক লাখ টকা (Woods Seized by Golaghat Forest Department officials) । উল্লেখ্য যে, গোলাঘাটৰ মাজেৰে দৈনিক এনে চোৰাং কাঠভৰ্তি ট্ৰাক পাৰ হৈ যোৱা বিষয়টোৱে সচেতন মহলত এক উদ্বেগৰ সৃষ্টি কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.