পাথাৰকান্দিত প্ৰায় ১ কোটি টকাৰ নিচাযুক্ত টেবলেট জব্দ

By

Published : Aug 26, 2021, 4:23 PM IST

thumbnail

ৰাজ্যজুৰি ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত আছে । তেনে অভিযানৰ মাজতে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দিত আৰক্ষীৰ বৃহৎ সফলতা । ক্ৰাইম ব্ৰাঞ্চ আৰু পাথাৰকান্দি আৰক্ষীৰ যুটীয়া অভিযানত জব্দ হৈছে বৃহৎ পৰিমাণৰ নিচাযুক্ত টেবলেট । পাথাৰকান্দি আৰক্ষী থানাৰ অধীনস্থ দেওবাৰী গাঁৱত এখন গেলামালৰ দোকানৰ পৰা জব্দ কৰা হয় নিচা জাতীয় সামগ্ৰীখিনি । আৰক্ষীয়ে জব্দ কৰা টেবলেটখিনিৰ পৰিমাণ প্ৰায় ৪০ হাজাৰ হ'ব বুলি জানিব পৰা গৈছে । ইফালে তাৰ বজাৰ মূল্য এক কোটিৰো অধিক হ'ব বুলি আৰক্ষী সূত্ৰই জানিবলৈ দিয়ে । আৰক্ষীয়ে ঘটনা সন্দৰ্ভত আটক কৰিছে দুগৰাকী ড্ৰাগছ ব্যৱসায়ীক । ধৃত ড্ৰাগছ ব্যৱসায়ী কেইজন ক্ৰমে দেওবাৰী গাঁৱৰ ছাব্বিৰ আহমদ আৰু ইছলাম উদ্দিন । সম্প্ৰতি দুয়োজনকে সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.