কৰিমগঞ্জত প্ৰায় 8 কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ

By

Published : Sep 18, 2021, 7:04 PM IST

thumbnail

কৰিমগঞ্জৰ ৰাতাবাড়িত এক গোপন সূত্ৰৰ পমখেদি আৰক্ষীয়ে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছৰ সৈতে নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে ৷ আৰক্ষীয়ে অভিযান চলাই মুঠ 2 লাখ 30 হাজাৰ টেবলেট জব্দ কৰে ৷ 26 কিলোগ্ৰাম ওজনৰ টেবলেটখিনৰ মূল্য 8 কোটি টকাৰো অধিক হ’ব বুলি জানিব পৰা গৈছে ৷ ৰাতাবাড়িৰ দুৰ্লভছড়াৰ ভেটাইৰবন্দ গাঁৱত এখন এল্ট গাড়ীৰ পৰা জব্দ কৰিছে এই বৃহৎ পৰিমাণৰ টেবলেটখিনি ৷ কেৱল টেবলেট সমূহ জব্দ কৰাই নহয়, এই ব্যৱসায়ৰ সৈতে জড়িত চাৰিটা সৰবৰাহকাৰীকো আটক কৰিছে আৰক্ষীয়ে ৷ আটকাধীন সৰবৰাহকাৰী কেইটা হৈছে, চুলতান হুছেইন, নাজিৰ উদ্দিন, ছিয়াব উদ্দিন আৰু জিবেৰ হুছেইন ৷ আটাইকেটাৰে বয়স 19 ৰ পৰা 28 বছৰৰ ভিতৰত হ’ব বুলি আৰক্ষীয়ে সদৰি কৰিছে ৷ একেদৰে সৰবৰাহকাৰী কেইটাৰ ঘৰ ৰাতাবাড়ি আৰু পাথাৰকান্দিত ৷ নিচাজাতীয় সামগ্ৰী সমূহ আইজলৰ পৰা পাথাৰকান্দিলৈ আনি আছিল সৰবৰাহকাৰী কেইটাই ৷ সম্প্ৰতি ঘটনাস্থলীত কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষকসহ ভালে সংখ্যক শীৰ্ষ বিষয়া উপস্থিত হৈ তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.