হোজাইত মেট্ৰিক পৰীক্ষাত অনুত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ তীব্ৰ প্ৰতিবাদ

By

Published : Sep 11, 2021, 3:58 PM IST

thumbnail

হোজাই জিলাৰ লংকাত প্ৰতিবাদী শিক্ষাৰ্থীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা । শুকুৰবাৰে লংকাৰ ৫৪ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰিছিল হাইস্কুল শিক্ষান্ত পৰীক্ষাত অনুত্তীৰ্ণ একাংশ ছাত্ৰ-ছাত্ৰীয়ে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ কৰাই দিয়াৰ দাবী জনাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ছাত্ৰ-ছাত্ৰীসকলে । 'হোজাই জিলা প্ৰশাসন হায় হায়','অসম চৰকাৰ হায়', 'SEBA হায় হয়' আদি শ্ল'গানেৰে ৰাজপথ উত্তাল কৰি তোলে প্ৰতিবাদী শিক্ষাৰ্থীয়ে । কেইগৰাকীমান ছাত্ৰই ৰাজপথতে শুই যানবাহন চলাচলত বাধা দিয়াৰ চেষ্টা কৰে । আৰক্ষীয়ে বাৰে বাৰে ছাত্ৰ-ছাত্ৰীসকলক আঁতৰি যাবলৈ কোৱাৰ পিছতো তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে । ইফালে, পথ অৱৰোধৰ ফলত তীব্ৰ যানজঁটৰ সৃষ্টি হয় । পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰাত আৰক্ষীয়ে ছাত্ৰ-ছাত্ৰীৰ ওপৰত লাঠিচালনা কৰে । আৰক্ষীৰ লাঠিৰ কোবত কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰী আহত হয় । আনহাতে, আৰক্ষীয়ে লাঠিচালনা কৰাত অধিক ক্ষোভিত হৈ পৰে প্ৰতিবাদী শিক্ষাৰ্থীসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.