Mega Vaccination : সকলোকে ভেকচিন ল’বলৈ আহ্বান স্বাস্থ্যমন্ত্ৰীৰ

By

Published : Sep 17, 2021, 5:08 PM IST

thumbnail

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে ৰাজ্যত মেগা ভেকচিনেচন কেম্প । গোলাঘাটত ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাটৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্ত শুকুৰবাৰে উপস্থিত হৈ জনগণক ভেকচিন গ্ৰহণ কৰিবলৈ আহ্বান জনায় । গোলাঘাটৰ বিভিন্ন মেগা ভেকচিনেচন কেম্প পৰিদৰ্শন কৰে গোলাঘাট জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই । গোলাঘাটৰ জিলা ৰাজহুৱা খেলপথাৰত স্থাপিত ক'ভিড ভেকচিন কেন্দ্ৰ পৰিদৰ্শনৰ পাছতে তেওঁ পাঁচআলিস্থিত শিৱ মন্দিৰৰ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে । ৰাজ্যখনত এতিয়ালৈ ১ কোটি ৭০ লাখে প্ৰথম পালি আৰু ৪০ লাখে দ্বিতীয় পালি অৰ্থাৎ মুঠ ২ কোটি ১০ লাখ ভেকচিন প্ৰদান কৰি শেষ কৰা হৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.