খ্ৰীষ্টান ধৰ্মলৈ ধৰ্মান্তৰিত লোকৰ অনুসূচিত জাতি মৰ্যাদা কৰ্তনৰ দাবী

By

Published : Oct 5, 2021, 3:32 PM IST

thumbnail

নিজৰ ধৰ্ম ত্যাগ কৰি খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা লোকৰ অনুসূচিত জাতিৰ মৰ্যাদা কৰ্তনৰ দাবী জনাইছে সদৌ অসম গণ জাগৰণ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে । মঙলবাৰে নাৰায়ণপুৰ প্ৰেছ ক্লাৱত এখন সংবাদমেল সম্বোধন কৰি সদৌ অসম গণ জাগৰণ পৰিষদৰ লখিমপুৰ জিলা সমিতিয়ে এই দাবী উত্থাপন কৰে । সংবাদমেলত সংগঠনটোৱে কেইবাটাও দাবী উত্থাপন কৰে । ভূমিপুত্ৰসকলক চৰকাৰী চাকৰিৰ নিযুক্তিত অগ্ৰাধিকাৰ দিবলৈ, অসম আৰক্ষীত নিয়োজিত সকলৰ অৱসৰৰ সময়সীমা ২২ বছৰ ধাৰ্য কৰাৰো দাবী জনায় সংগঠনটোৱে । এই সংবাদমেলখনত সদৌ অসম গণ জাগৰণ পৰিষদৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি-সম্পাদকৰ লগতে কেন্দ্ৰীয় সমিতিৰ উপদেষ্টাগৰাকী উপস্থিত থাকে । বিশেষকৈ ধৰ্মান্তৰকৰণ হোৱা লোকক অনুসূচিত জাতিৰ মৰ্যাদা নিদিবলৈ চৰকাৰক আহ্বান জনায় সংগঠনটোৱে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.