বঙাইগাঁও আৰক্ষীৰ অভিযানত আটক তিনি জুৱাৰী

By

Published : Jan 14, 2022, 1:20 PM IST

thumbnail

বঙাইগাঁৱৰ শৌলমাৰীত আৰক্ষীৰ অভিযানত ৩ জন জুৱাৰীক আটক(gamblers arrested in bongaigaon) ৷ ভোগালীৰ আনন্দ উল্লাসৰ মাজতে বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত শৌলমাৰীত বৃহস্পতিবাৰে সন্ধিয়া আৰক্ষীয়ে চলোৱা এক গোপন অভিযানত ৩ জন জুৱাৰীসহ মোবাইল, নগধ ধন জব্দ কৰিবলৈ সক্ষম হয়(operation against gambler) । উল্লেখ্য যে, শৌলমাৰীৰ এখন হাবিৰ মাজত জুৱাৰীৰ দল এটাই জুৱা খেলি থকা অৱস্থাতে আৰক্ষীয়ে শ্বাহজাহান আলী, শ্বহিদুল ইছলাম আৰু শুকুৰ আলী নামৰ জুৱাৰী তিনিজনক আটক কৰিবলৈ সক্ষম হয় । ইয়াৰ পিছতে আটকাধীন তিনি জুৱাৰীক আৰক্ষীয়ে অভয়াপুৰীলৈ প্ৰেৰণ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.