কৰ’ণা কালত মৰিগাঁৱত অনুষ্ঠিত হ’ল এখন আড়ম্বৰপূৰ্ণ বিবাহ

By

Published : Jul 26, 2021, 11:33 AM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমানেও জাৰি কৰা হৈ আছে সান্ধ্য আইন । সকলো গৃহবন্দী ৷ বিবাহ অথবা অভ্যৰ্থনা নিষিদ্ধ । ইয়াৰ মাজতে সম্পন্ন হ’ল আড়ম্বৰপূৰ্ণ এখন বিশেষ বিয়া । সপ্তাহযোৰা প্ৰস্তুতিৰ অন্তত শনিবাৰে নিশা সম্পন্ন হ'ল বিয়াৰ পৰম্পৰাগত আৰু লোকাচাৰ । গাঁৱৰ ৰাইজ আনন্দ মতলীয়া হোৱা পৰিলক্ষিত হৈছে ৷ আয়তীয়ে দৰা-কইনাক নোৱাইছে-ধুৱাইছে ৷ দিছে মঙল উৰুলি ৷ বিয়া নামত মুখৰিত হৈছে ৰভাতলী ৷ ক’ভিড কালত আমি কৈ থকা বিশেষ বিয়াখন দৰাচলতে এখন ভেকুলী বিয়া ৷ মৰিগাঁও বাংঠাই গাঁৱৰ ৰাইজে উলহ-মালহেৰে গাঁঠিৰ ধন খৰছ কৰি সম্পাদনা কৰিছে এই বিবাহকাৰ্য ৷ বাৰিষাৰ সময় যদিও, বিগত কেইবামাহ ধৰি মৰিগাঁও জিলাৰ বহু ঠাইত হোৱা নাই বৰষুণ ৷ ফলত সমস্যাত পৰিছে কৃষিজীৱি ৰাইজ ৷ শাওণত ৰুৱ পৰা নাই ভূঁই । নাই চৰকাৰৰ অভিলাষী জলসিঞ্চনৰ আঁচনি । সেয়েহে পুৰণি কালৰ প্ৰচলিত পৰম্পৰাৰ জৰিয়তে বৰুণ দেৱতাক তুষ্ট কৰিবলৈ এনেদৰে সম্পূৰ্ণ পৰম্পৰাৰে ভেকুলীৰ বিয়া পাতি দিলে চহা কৃষক সমাজে । লোকবিশ্বাস মতে, এই ভেকুলীৰ বিয়া পাতি দিলে বৰুণ দেৱতা তুষ্ট হয় আৰু বৰষুণ হয় ৷ যাৰ ফলত উপকৃত হয় কৃষক সকল ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.