প্ৰথমবাৰৰ বাবে হোজাইত উপস্থিত বিত্তমন্ত্ৰী অজন্তা নেওগ

By

Published : Jan 19, 2022, 2:54 PM IST

thumbnail

হোজাইত প্ৰথমবাৰৰ বাবে উপস্থিত বিত্ত, সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ (For the first time Assam finance minister visits Hojai on her way to Haflong) । আজি হাফলঙত অনুষ্ঠিত হ'ব অসম মন্ত্ৰীসভাৰ তৃতীয়খন কেবিনেট বৈঠক (Cabinet meeting of the Assam Government in Haflong) । ইতিমধ্যে এই বৈঠকত অংশগ্ৰহণ কৰিবলৈ উপস্থিত হৈছে ৰাজ্যৰ মন্ত্ৰী-আমোলা ৷ এইমৰ্মে মঙলবাৰে নিশা হাফলঙত উপস্থিত হয় ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্তা নেওগ (Finance Minister Ajanta Neog at Haflong) ৷ অসম মন্ত্ৰীসভাৰ তৃতীয়খন কেবিনেট বৈঠকত অংশগ্ৰহণ কৰিবলৈ মঙলবাৰে হাফলঙলৈ যোৱাৰ পথত হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ এখন সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী অজন্তা নেওগে ৷ এই সভাত উপস্থিত থাকি ৰাজ্যৰ লগতে হোজাইত ভয়াৱহ ৰূপ ধাৰণ কৰা ক'ভিড পৰিস্থিতিৰ সন্দৰ্ভত আলোচনা কৰে ৷ লগতে জিলাখনৰ এটা অংগনবাদী কেন্দ্ৰ পৰিদৰ্শন কৰি পৰিস্থিতি সম্পৰ্কে বুজ লয় ৷ জিলাখনৰ অংগনবাদী কেন্দ্ৰসমূহত আৰু অনিয়ম হ’বলৈ দিয়া নহ'ব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে, প্ৰতিখন অংগনবাদী কেন্দ্ৰত চকু থাকিব বিভাগৰ । ইয়াৰ পিছতে অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকত অংশগ্ৰহণ কৰাৰ বাবে বিত্ত মন্ত্ৰীগৰাকী ডিমা হাছাওলৈ ৰাওনা হয় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.