ভদীয়া বানে তচনচ কৰিলে কৃষকৰ সপোন

By

Published : Sep 23, 2021, 6:46 AM IST

thumbnail

ৰাজ্যত শাম কাটিলে বান পৰিস্থিতি ৷ কিন্তু ইয়াৰ লগতে বৃদ্ধি পালে দৰিদ্ৰ কৃষকৰ সমস্যা ৷ ভয়ংকৰ বানে তচনচ কৰিলে শিৱসাগৰ জিলাৰ ৰূপহীমুখৰ প্ৰায় শতাধিক পৰিয়ালৰ কৃষিভূমি । মৰুভূমি সদৃশ হ'ল শ শ হেক্টৰ কৃষি ভূমি ৷ বালি, পলসে পুতি পেলালে কৃষকে অশেষ কষ্টৰে কৰা কৃষি ভূমি ৷ কৃষকৰ সজাল ধৰা পথাৰ ভদীয়া বানে তচনচ কৰি পেলালে ৷ কৃষি পথাৰ তিনি-চাৰি ফুট পৰ্যন্ত বালি, পলসে পুতি পেলোৱাত এতিয়া হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে কৃষকৰ মাজত । কৃষিৰ ওপৰত নিৰ্ভৰশীল অঞ্চলবাসীয়ে মূৰে-কপালে হাত দিবলগীয়া হৈছে ৷ ইয়াৰ পাছতো সাৰ পোৱা নাই শিৱসাগৰ জিলাৰ কৃষি বিভাগ । কৃষি বিভাগৰ কোনো বিষয়া-কৰ্মচাৰী উপস্থিত হোৱা নাই এশ এবুৰি সমস্যাৰে জৰ্জৰিত কৃষকসকলৰ কাষত । ফলত ক্ষোভিত হৈ উঠিছে কৃষকসকল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.