দলং ঘাটত নাই দলং : life jacket অবিহনেই চলিছে ফেৰী যাত্ৰা

By

Published : Sep 14, 2021, 9:14 PM IST

Updated : Sep 14, 2021, 10:37 PM IST

thumbnail

ৰঙিয়াৰ দলংঘাটত পুঠিমাৰী নৈৰে হাজাৰ হাজাৰ ৰাইজৰ বিপদজনক যাত্ৰা অব্যাহত আছে । মৰণক শৰণ কৰি একক ইঞ্জিনচালিত ফেৰীৰে যাতায়ত কৰিছে কুৰিখনতকৈ অধিক গাঁৱৰ জনতাই । ইঞ্জিনচালিত ফেৰীখনত নাই এটাও লাইফ জেকেট । উল্লেখযোগ্য যে, নিমাতীঘাটৰ শোকাৱহ ফেৰী দুৰ্ঘটনাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, এটা ইঞ্জিন চালিত ফেৰী সমূহ বন্ধ কৰা হ’ব । কিন্তু তাৰ পিছতো জীৱনৰ নিৰাপত্তা নোহোৱাকৈ পুঠিমাৰী নৈ ফেৰীৰে পাৰ কৰি যাতায়ত কৰিবলৈ বাধ্য হৈছে গঞা ৰাইজ । ইফালে, ৰঙিয়া সমষ্টিৰ অন্তৰ্গত গোৰেশ্বৰ পৰিষদীয় সমষ্টিৰ দলংঘাটত পুঠিমাৰী নৈৰ ওপৰত যোৱা ১২ বছৰে সম্পূৰ্ণ নহল এখন দলং । সবিশেষ চাওঁ আহক ৷

Last Updated : Sep 14, 2021, 10:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.