Encounter : জালনোটৰ বেপাৰী ৰুস্তম আলীলৈ আৰক্ষীৰ গুলী

By

Published : Sep 24, 2021, 9:24 PM IST

Updated : Sep 24, 2021, 9:58 PM IST

thumbnail

ৰূপহীহাটৰ জুৰীয়াত নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ বাহিনীৰ এনকাউন্টাৰ ৷ আৰক্ষীৰ বিশেষ শাখাৰ উপ আৰক্ষী অধীক্ষক দিপ্তী মালিৰ নেতৃত্বত যোৱা অভিযানকাৰী আৰক্ষীৰ দলে জুৰীয়াৰ বগুৰিগুৰিত সংঘটিত কৰিছে এই এনকাউন্টাৰ ৷ ঘটনাত গুলীবিদ্ধ হৈছে তেজপুৰৰ জামগুৰিৰ জালনোট ব্যৱসায়ী ৰুস্তম আলী ৷ আৰক্ষীয়ে আটক কৰিবলৈ যোৱা সময়তে তেজপুৰৰ জামগুৰিহাটৰ ৰুস্তম আলীৰ নেতৃত্বত সাতজনীয়া দুৰ্বৃত্তৰ দলে আৰক্ষীলৈ বন্দুক উলিয়াই গুলিয়াবলৈ উদ্যত হয় ৷ আত্মৰক্ষাৰ বাবে আৰক্ষীয়ে গুলীচালনা কৰে ৷ প্ৰাপ্ত খবৰ মতে এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত নগাঁও আৰক্ষীৰ বিশেষ শাখাই ধৃত জালনোট ব্যৱসায়ী ৰুস্তম আলী আৰু সহযোগী দলটোৰ বিৰুদ্ধে অভিযান চলাইছিল ৷ অভিযানত ৰুস্তম আলী গুলীবিদ্ধ হয় যদিও বাকী ছটা দুৰ্বৃত্ত পলায়ন কৰিবলৈ সক্ষম হয় ৷ আৰক্ষীয়ে ৰুস্তমক চিকিৎসাৰ বিশেষ ব্যৱস্থা কৰি বাকী কেইজনক বিচাৰি তদন্ত অব্যাহত ৰাখিছে ৷

Last Updated : Sep 24, 2021, 9:58 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.