সুৰাপায়ী চালক আৰু অবৈধভাৱে বিক্ৰি কৰা সুৰাৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান

By

Published : Dec 31, 2021, 11:12 AM IST

thumbnail

সুৰাপান কৰি বাহন চলোৱা চালকক নাকী লগাবলৈ পৰিবহণ বিভাগ আৰু আৰক্ষীৰ সমান্তৰালকৈ তৎপৰ হৈছে ৰাজ্যৰ আবকাৰী বিভাগো(Excise dept to intensify drive against drunken drive) ৷ নৱবৰ্ষৰ প্ৰাকক্ষণত ৰাজ্যৰ ভিন্ন প্ৰান্তত সুৰাপায়ী চালক তথা অবৈধভাৱে জমা ৰখা অথবা বিক্ৰি কৰা সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে আবকাৰী বিভাগে (Excise dept to intensify drive against illegal liquor sale & stock) । মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনা মুক্ত অসম গঢ়াৰ পৰিকল্পনাক সাৰ্থক কৰিবলৈ এতিয়া দিনে-নিশাই অভিযান চলাই গৈছে আবকাৰী বিভাগে ৷ একাধাৰে ৩১ ডিচেম্বৰ আৰু নৱবৰ্ষৰ পহিলা জানুৱাৰীত ধেমাজিতো সুৰাপায়ী চালক আৰু অবৈধভাৱে জমা ৰখা অথবা বিক্ৰি কৰা সুৰাৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব আবকাৰী বিভাগে ৷ ৰাজ্যত শেহতীয়াকৈ সঘনাই সংঘটিত হৈ থকা দুঘটনা সমূহৰ প্ৰতি লক্ষ্য ৰাখি সুৰাপায়ী চালকৰ বিৰুদ্ধে অধিক কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে আবকাৰী বিভাগে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.