Illegal Liquor seized at Barpeta : বৰপেটাত বৃহৎ পৰিমাণৰ চুলাইসহ দুজন আটক

By

Published : Jan 12, 2022, 1:52 PM IST

thumbnail

পদূলিমূখত ভোগালী বিহু ৷ সেয়ে ভোগালী বিহুৰ প্ৰাকক্ষণত বৰপেটাৰ আবকাৰী বিভাগে ঠায়ে ঠায়ে চলাইছে অভিযান ৷ বুধবাৰে গোপন সূত্ৰৰ পম খেদি বৰপেটা আবকাৰী বিভাগে জব্দ কৰিবলৈ সক্ষম হয় বৃহৎ পৰিমাণৰ চুলাই (Illegal Liquor seized at Barpeta) মদ ৷ AS 15 AC 0833 নম্বৰৰ এখন টেম্প’ৰে নগাঁৱৰ পৰা জনিয়া অভিমূখে আনি থকা অৱস্থাত যতিগাঁৱত আৰক্ষীয়ে জব্দ কৰে চুলাইখিনি (Barpeta excise department seized illegal Liquor) ৷ আবকাৰী বিভাগে এই অভিযানত প্ৰায় তিনিশ লিটাৰ চুলাইৰ সৈতে দিলীপ মণ্ডল আৰু ছফি দাস নামৰ দুজন চুলাই ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ পাছতে বিভাগৰ তৰফৰ পৰা এটি গোচৰ ৰুজু কৰি দুয়োগৰাকী চুলাই ব্য়ৱসায়ীকে আদালতত হাজিৰ কৰোৱা হ’ব বুলি জানিবলৈ দিয়ে আবকাৰী বিষয়া প্ৰশান্ত পাঠকে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.