গৰুখুটি কৃষি প্ৰকল্পত প্ৰশাসনৰ উচ্ছেদ অভিযান

By

Published : Sep 20, 2021, 9:43 AM IST

thumbnail

দৰঙত সোমবাৰে পুৱাৰে পৰা আৰম্ভ হৈছে প্ৰশাসনৰ উচ্ছেদ অভিযান ৷ গৰুখুটি কৃষি প্ৰকল্পৰ বেদখলকৃত ভূমি বেদখলমুক্ত কৰিবৰ বাবে তৎপৰ হৈ পৰিছে দৰং জিলা প্ৰশাসন । তৎপৰ হৈ পৰিছে কেইবা শতাধিক নিৰাপত্তাৰক্ষী । তথ্য অনুসৰি, প্ৰায় ৭৭,৪২০ বিঘা ভূমি বেদখলমুক্ত কৰিবৰ বাবে ১০ টা জ’নত বিভক্ত কৰা হৈছে জিলা প্ৰশাসনক । ইয়াৰে ১ আৰু ৩ নং ধলপুৰৰ পৰা আৰম্ভ কৰা হৈছে এই উচ্ছেদ অভিযান ৷ উল্লেখ্য যে, প্ৰব্ৰজনকাৰী একাংশ সংখ্যালঘু সম্প্ৰদায়ৰ লোকে উক্ত ভূমি দীৰ্ঘদিনৰ পৰাই বেদখল কৰি আহিছিল । এই বেদখলকৃত ভূমিসমূহত ৰাজ্য চৰকাৰে কেবিনেটৰ সিদ্ধান্তমৰ্মে প্ৰায় ৯ কোটি ৬০ লাখ টকা ব্যয় সাপেক্ষে কৃষি প্ৰকল্প ৰূপায়ণৰ বাবে ব্যৱহাৰ কৰিব ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.