তিতাবৰত বন্যহস্তীয়ে ভাঙি লণ্ডভণ্ড কৰিলে দুটাকৈ বাসগৃহ

By

Published : Sep 21, 2021, 12:00 PM IST

thumbnail

ৰাজ্যৰ বিভিন্ন প্ৰান্তত এতিয়াও অব্যাহত আছে বন্য হস্তীৰ উপদ্ৰৱ ৷ তাৰ মাজতে শুকুৰবাৰে নিশা যোৰহাট জিলাৰ তিতাবৰত বন্য হস্তীয়ে কেইবাটাও বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে ৷ তিতাবৰ নগৰৰ পৰা প্ৰায় 1 কিলোমিটাৰ নিলগত সংঘটিত হৈছে এই ঘটনা ৷ জানিব পৰা মতে প্ৰতিবছৰে গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই অহা বন্য হস্তীৰ বৃহৎ জাকে তিতাবৰৰ বিভিন্ন অঞ্চলত বিস্তৰ ক্ষতি সাধন কৰি আহিছে ৷ কেৱল বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাই নহয়, কেইবাজনো লোকৰ মৃত্যু হৈছে উক্ত অঞ্চলটোত বন্য হস্তীৰ আক্ৰমণৰ ফলত ৷ আনহাত ঘটনা সংঘটিত হোৱা স্থানত বন বিভাগৰ কোনো লোক উপস্থিত হোৱা নাই বুলি সদৰি কৰিছে স্থানীয় ৰাইজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.