নিয়তিৰ কি নিষ্ঠুৰ পৰিহাস: একেলগে মৃত্যু পিতা-পুত্ৰৰ

By

Published : Sep 16, 2021, 9:45 PM IST

thumbnail

গোলাঘাট জিলাৰ বকিয়াল 2 নং বুঢ়াগোহাঁই খাটত এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে । বন্যহস্তীৰ আক্ৰমণত নিহত হয় পিতা-পুত্ৰ । বন্যহস্তীৰ আক্ৰমণত মৃত্যু হৈছে বিকাশ বৈষ্ণৱ আৰু তেওঁৰ 2 বছৰীয়া পুত্ৰ জ্ঞানদীপ বৈষ্ণৱ । উল্লেখযোগ্য যে, জাকৰ মাজৰ পৰা ফাটি অহা এটা বন্যহস্তীয়ে অতৰ্কিতে পৰিয়ালটোৰ বাসগৃহ ভাঙি আক্ৰমণ কৰে পিতা-পুত্ৰক । কণমানি জ্ঞানদীপ বৈষ্ণৱ হাতীৰ আক্ৰমণত থিতাতে নিহত হোৱাৰ বিপৰীতে পিতা বিকাশ বৈষ্ণৱ চিকিৎসালয়লৈ নিয়াৰ পথতে মৃত্যু হয় । আনহাতে খবৰ দিয়াৰ পিছতো ঘটনাস্থলীত বহু পলম কৈ উপস্থিত হোৱাৰ অভিযোগ বকিয়াল খণ্ড বন কাৰ্যালয়ৰ বনকৰ্মীৰ বিৰুদ্ধে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.