বদৰপুৰত ৰে’লত জব্দ ১৮ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ

By

Published : Sep 2, 2021, 12:49 PM IST

thumbnail

বদৰপুৰ আৰক্ষীৰ বৃহৎ সফলতা ৷ বদৰপুৰ আৰক্ষীৰ GRP, CRPF আৰু RPF ৰ যুটীয়া অভিযানত জব্দ কৰা হয় প্ৰায় ১৮ লাখ টকাৰ নিষিদ্ধ ড্ৰাগছ । বুধবাৰে দিনত বদৰপুৰ ৰে’ল জংচনৰ পৰা জব্দ কৰা হয় নিষিদ্ধ ড্ৰাগছখিনি । শিয়ালদহ-আগৰতলা এক্সপ্ৰেছৰ এখন ট্ৰাকৰ পৰা জব্দ কৰা হয় ২১ টাকৈ ড্ৰাগছৰ কণ্টেইনাৰ । এই অভিযানত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হৈছে প্ৰসেনজিৎ দাস নামৰ এজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ নাগালেণ্ডৰ ডিমাপুৰৰ পৰা আগৰতলালৈ ড্ৰাগছখিনি নিয়াৰ কথা আছিল বুলি আৰক্ষী সূত্ৰে প্ৰকাশ ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.