নিশা ড্ৰাগছৰ বিৰুদ্ধে অভিযানত নামিল গোলাঘাট আৰক্ষী

By

Published : Sep 18, 2021, 2:50 PM IST

thumbnail

গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । শুকুৰবাৰে নিশা গোলাঘাট নগৰৰ শান্তিপুৰৰ ৰিতু আহমেদ নামৰ লোকজনৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলায় । গোপন সূত্ৰৰ ভিত্তিত গোলাঘাট জিলাৰ উপ-আৰক্ষী অধীক্ষক অঞ্জন পণ্ডিত আৰু গোলাঘাট সদৰ আৰক্ষী থানাৰ উপ-পৰিদৰ্শক বিজু বড়োৰ নেতৃত্বত এই অভিযান চলায় আৰক্ষীয়ে । অভিযানত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী ৰিতু আহমেদৰ বাসগৃহৰ পৰা ১০ গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে, ৰিতু আহমেদ আৰু তেওঁৰ ভাতৃ ডিম্পু আহমেদ দীৰ্ঘ দিন ধৰি ড্ৰাগছৰ অবৈধ বেহাৰ লগত জড়িত হৈ আছিল । পূৰ্বেও বহুবাৰ ডিম্পু আহমেদক ড্ৰাগছৰ ব্যৱসায়ৰে জড়িত থকাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে আটক কৰিছিল । শুকুৰবাৰে নিশা আৰক্ষীয়ে হেৰ'ইনখিনি জব্দ কৰে যদিও ৰিতু আহমেদ আৰু ডিম্পু আহমেদে পলায়ন কৰিবলৈ সক্ষম হয় । বৰ্তমান আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে । আনহাতে, অভিযান অব্যাহত থকাৰ সময়ত ৰিতু আহমেদৰ বাসগৃহত সাংবাদিকক বাতৰি সংগ্ৰহত বাধা প্ৰদান কৰে ৰিতু আহমেদৰ পিতৃয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.