এটা হোৱাইটনাৰৰ বাবে বন্ধুৱে মূৰ ফালিলে বন্ধুৰ

By

Published : Sep 13, 2021, 8:48 PM IST

thumbnail

কলগাছিয়াৰ বালাৰপাথাৰত হোৱাইটনাৰক লৈ বন্ধুৱে মূৰ ফালিলে আন এজন বন্ধুৰ । হোৱাইটনাৰ নিদিয়াৰ বাবে ইয়াছিন মেহবুব নামৰ যুৱকৰ মূৰত শিলেৰে প্ৰহাৰ কৰে এজন যুৱকে । ফলত মূৰ ফাটি ৰক্তাক্ত হৈ পৰে ইয়াছিন মেহবুবৰ মূৰ । পিছে ৰ’ব, হোৱাইটনাৰক লৈ এয়া কোনো ছাত্ৰৰ মাজত হোৱা মাৰপিট নহয় । এয়া হৈছে নিচাসক্ত যুৱকৰ মাজত হোৱা মাৰপিট । ইয়াছিন মেহবুব নামৰ আদিতপুৰ গাঁৱৰ যুৱকজনৰ লগত থকা হোৱাইটনাৰ সেৱন কৰিবলৈ নিদিয়াৰ বাবেই বন্ধুৱে বন্ধুক শিলেৰে প্ৰহাৰ কৰি মূৰ ফালি দিয়ে । কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালাৰপাথাৰ গাঁৱত সংগঠিত হোৱা এই মাৰপিটৰ সমগ্ৰ দৃশ্য আবদ্ধ হৈ ৰ’ল কেমেৰাত । সবিশেষ চাওঁ আহক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.