হোজাইত জিলা পৰ্যায়ত অনুষ্ঠিত বেডমিণ্টন প্ৰতিযোগিতা
Published on: Dec 31, 2021, 4:47 PM IST

হোজাই জিলাৰ লংকা মহাবিদ্যালয়ত জিলা ভিত্তিক বেডমিণ্টন প্ৰতিযোগিতা (District level badminton turnament in Hojai)। বুধবাৰে লংকা মহাবিদ্যালয়ত জিলা পৰ্যায়ত অনুষ্ঠিত কৰা হয় এই বেডমিণ্টন প্ৰতিযোগিতা । বিগত দুবছৰ ক’ভিড মহামাৰীৰ প্ৰকোপৰ কাৰণে মহাবিদ্যালয়ত সমূহৰ জিলা পৰ্যায়ত বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত কৰিব পৰা হোৱা নাছিল যদিও বৰ্তমান ক’ভিড পৰিস্থিতি কিছু উন্নত হোৱা বাবে সম্পূৰ্ণ ক’ভিড বিধি ৰক্ষা কৰি লংকা মহাবিদ্যালয়ত অনুষ্ঠিত কৰা হ'ল হোজাই জিলা ভিত্তিক বেডমিণ্টন প্ৰতিযোগিতা । উক্ত প্ৰতিযোগিতাখনত হোজাই জিলাৰ সাতখনকৈ মহাবিদ্যালয়ৰ ২৮ টা দলে অংশগ্ৰহণ কৰা বুলি জানিব পৰা গৈছে ৷
Loading...