গণেশ চতুৰ্থী উপলক্ষে নলবাৰীৰ গণেশ মন্দিৰত ভক্তৰ ভিৰ

By

Published : Sep 10, 2021, 5:30 PM IST

thumbnail

আজি গণেশ চতুৰ্থী ৷ সিদ্ধিবিনায়কক পূজা অৰ্চনাৰ বাবে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰে নলবাৰীৰ গণেশ মন্দিৰতো পুৱাৰ পৰাই ভক্তৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে ৷ উল্লেখযোগ্য যে, ক'ভিড পৰিবেশৰ বাবে দীৰ্ঘ সময় ধৰি পূজা অৰ্চনাৰ বাবে বিভিন্ন মঠ-মন্দিৰ আৰু দেৱালয় সমূহ বন্ধ হৈ আছিল ৷ কিন্তু শেহতীয়াভাৱে পৰিস্থিতি কিছু শাম কটাত ক'ভিডৰ নীতি-নিয়ম মানি আন সমূহ ঠাইৰ সমান্তৰালকৈ নলবাৰীৰ গণেশ মন্দিৰতো আয়োজন কৰা হৈছে গণেশ চতুৰ্থী ৷ নলবাৰীৰ গণেশ মন্দিৰত দিনযোৰা কাৰ্যসূচীৰে আয়োজন কৰা হৈছে এই গণেশ পূজা ৷ আনহাতে গণেশ মন্দিৰত পুৱাৰ পৰাই যথেষ্ট সংখ্যক ভক্ত ভিৰ পৰিলক্ষিত হৈছে ৷ ভক্তসকলে দীঘলীয়া শাৰী পাতি নিজৰ মনৰ ইচ্ছা পূৰণৰ বাবে ধূপ-নৈবেদ্য আৰু শৰাই আগবঢ়াইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.