বৰপেটা প্ৰশাসনৰ উদ্যোগত দেশভক্তি দিৱস পালন

By

Published : Jul 28, 2021, 4:59 PM IST

thumbnail

আজি দেশভক্ত তৰুণৰাম ফুকন (Tarun Ram Phukan)ৰ ৮২ সংখ্যক মৃত্যু দিৱস ৷ সেয়ে বুধবাৰৰ দিনটোত সমগ্ৰ ৰাজ্যত স্বাধীনতা সেনানী (Freedom Fighter)গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৰাজ্যবাসীয়ে ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশমৰ্মে বৰপেটাতো দেশভক্ত তৰুণৰাম ফুকন (Tarun Ram Phukan)ৰ মৃত্যুৰ দিনটো দেশভক্তি দিৱস (Desh Bhakti Divas)হিচাপে উদযাপন কৰা হয় । বৰপেটা জিলা প্ৰশাসন (Barpeta District Administration)ৰ উদ্যোগত বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূশালে স্বাধীনতা সেনানীজনৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে ৷ বৰপেটা জিলা তথ্য আৰু জনসংযোগ বিভাগৰ সহযোগত অনুষ্ঠিত অনুষ্ঠানটোত বৰপেটাৰ বিশিষ্ট শিক্ষাবিদ, সাহিত্যিক, কলাগুৰু বঁটাপ্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই তৰুণৰাম ফুকনৰ জীৱন দৰ্শন সন্দৰ্ভত বক্তৃতা প্ৰদান কৰি স্বাধীনতা সেনানীগৰাকীৰ প্ৰতি ৰাজ্য চৰকাৰে দেখুওৱা সন্মানৰ শলাগ লয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.