দলঙৰ ধলপুৰত উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ দাবী দৰং আমছুৰ

By

Published : Sep 21, 2021, 10:46 PM IST

thumbnail

যোৱা 20 ছেপ্তেম্বৰত দৰং জিলা প্ৰশাসনে ধলপুৰত চলোৱা উচ্ছেদ অভিযানত উচ্ছেদিত হোৱা লোক সকলক পুনৰ সংস্থাপনৰ দাবীত দৰং আমছুৰ সংবাদ মেল সম্বোধন ৷ চৰকাৰে উচ্ছেদিত লোকসকলৰ থকা খোৱাৰ কোনো ব্যৱস্থা কৰি নিদিয়াৰ অভিযোগ দৰং আমছুৰ ৷ মঙলবাৰে মঙলদৈ আৱৰ্ত ভৱনত আয়োজিত সংবাদ মেলত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযোগ উত্থাপন কৰে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷ সংখ্যালঘু বিধায়ক সকলে উচ্ছেদিত লোক সকলৰ সপক্ষে কোনো মাত নিদিয়াৰো অভিযোগ উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷ এই বিষয়টোৰ সন্দৰ্ভত বিধানসভাত উচিত পদক্ষেপ নল’লে কংগ্ৰেছ তথা এআইইউডিএফৰ বিধায়ক সকলক সংখ্যালঘু এলেকাত নিষিদ্ধ ঘোষণা কৰিব বুলি সকীয়নি দিছে আমছুৰ সভাপতি ৰেজাউল কৰিম সৰকাৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.