মুকাভিনয়ৰ জৰিয়তে ৰঙিয়াত ক'ভিড সম্পৰ্কীয় সজাগতা কাৰ্যসূচী

By

Published : Sep 15, 2021, 5:30 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ । কিন্তু এতিয়াও বহু লোক সজাগ হোৱা নাই । সান্ধ্য আইন শিথিল কৰাৰ লগে লগে একাংশ লোকে মাস্ক পৰিধান কৰিবলৈ এৰিলে । যাৰ বাবে কৰ'ণাৰ তৃতীয় ঢৌৰ সংক্ৰমণত ভোগাৰ আশংকা আছে ৰাজ্যবাসীৰ । সেয়ে ক'ভিড সম্পৰ্কে সজাগতা সৃষ্টিৰ বাবে ৰাজ্যৰ একাংশ মুকাভিনেতাৰ বিশেষ পদক্ষেপ । জেচিআই (JCI) নামৰ এটা স্বেচ্ছাসেৱী সংস্থাৰ সহযোগত ৰঙিয়াত ক'ভিড সজাগতাৰ কাৰ্যসূচী ৰূপায়ণ কৰে মুকাভিনয় শিল্পীসকলে । অসমৰ আগশাৰীৰ মুকাভিনেতা মিনাংক ডেকাৰ মুকাভিনয়ৰ জৰিয়তে এই সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয় । মুকাভিনয়ৰ জৰিয়তে পথচাৰী, ব্যৱসায়ী, গ্ৰাহকসকলক মাস্ক পৰিধান কৰাৰ বাবে আহ্বান জনায় শিল্পীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.