হোজাই জিলাতো আৰম্ভ ক'ভিড-19 মেগা ভেকচিনেচন অভিযান

By

Published : Sep 17, 2021, 10:20 PM IST

thumbnail

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে সমগ্ৰ ৰাজ্যৰ লগতে হোজাই জিলাটো শুকুৰবাৰে পৰা আৰম্ভ হৈছে ক'ভিডৰ মেগা ভেকচিনেশ্যন অভিযান ৷ জিলাখনৰ সকলোৱে যাতে ভেকচিন গ্ৰহণ কৰিব পাৰে তাৰ বাবে ইতিমধ্যে ঠায়ে ঠায়ে ভেকচিনেচন কেম্পৰ ব্যৱস্থা কৰিছে হোজাই জিলা প্ৰশাসনে ৷ এই কথা জানিবলৈ দি লংকা মহকুমা স্বাস্থ্য বিষয়া হৰজগিন্দৎ সিঙে কয় যে, বিশ্বকৰ্মা পূজা থকাৰ পাছতো পুৱাৰ পৰা হোজাই বাসী ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰা হৈছে ৷ হোজাই জিলা খনত শুকুৰবাৰে 25 হাজাৰ পালি ক'ভিড-19 ৰ ভেকচিন দিবৰ বাবে 104 টা মেগা ভেকচিনেচন কেম্প স্থাপন কৰাৰ বিপৰীতে লংকা স্বাস্থ্য খণ্ডৰ অধীনত 56 টা ভেকচিনেচন কেম্প স্থাপন কৰা হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.