CM Himanta Biswa Sarma in Garukhuti : দিনযোৰা কাৰ্যসূচীৰে গৰুখুঁটিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

By

Published : Dec 1, 2021, 3:30 PM IST

thumbnail

বুধবাৰে ছিপাঝাৰৰ গৰুখুঁটিৰ কৃষি প্ৰকল্পত উপস্থিত হৈ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(Himanta Biswa Sarma in Garukhuti project) কেইবাটাও উন্নয়নমূলক কামৰ আধাৰশিলা স্থাপন কৰে । দিনযোৰা কাৰ্যসূচীৰে গৰুখুঁটি কৃষি প্ৰকল্পত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে ধলপুৰ শিৱধাম দৰ্শন কৰি মহাদেৱৰ আশীষ লয় (CM visits Garukhuti Agricutural Project)। মুখ্যমন্ত্ৰীৰ আগমনক লৈ সকলো বিভাগৰ বিষয়াসকল গৰুখুঁটি কৃষি প্ৰকল্পত তৎপৰ হৈ আছে । মুখ্যমন্ত্ৰীগৰাকীয়ে খহনীয়া প্ৰতিৰোধী প্ৰকল্পও পৰিদৰ্শন কৰে । প্ৰায় ৭৭ হাজাৰ ৪২০ বিঘা মাটিত ৯ কোটিৰো অধিক ধন ব্যয়েৰে সম্পূৰ্ণ হ'বলগীয়া গৰুখুঁটি কৃষি প্ৰকল্পৰ কেতবোৰ কাম পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই । কেইমাহমান পূৰ্বে এই ভূমিখিনি বেদখলকাৰীৰকবলৰ পৰা মুক্ত কৰা হৈছে । দুগ্ধ প্ৰকল্পৰ কামৰ লগতে বৰ্তমান গৰুখুঁটিত বিভিন্ন শাক-পাচলিৰ খেতি আৰম্ভ কৰা হৈছে । নিৰ্ধাৰিত সময়ত প্ৰকল্পটোৰ কাম সম্পূৰ্ণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । আনহাতে, যোৰহাটৰ আছু নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডৰ মূল অভিযুক্ত ক'লা ল'ৰা ওৰফে নীৰজ দাসৰ মৃত্যু সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, তেওঁ এতিয়াও এই ঘটনাৰ সম্পূৰ্ণ প্ৰতিবেদন লাভ কৰা নাই । বুধবাৰে গৰুখুঁটি প্ৰকল্পৰ কাম পৰিদৰ্শন কৰাৰ সময়ত মুখ্যমন্ত্ৰীৰ সৈতে বিধায়ক পদ্ম হাজৰিকা আৰু মৃণাল শইকীয়া উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.