সোণতলীত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিলে আমছুৱে

By

Published : Sep 25, 2021, 2:16 PM IST

thumbnail

দৰঙৰ ছিপাঝাৰৰ ধলপুৰত চলা উচ্ছেদ অভিযানক লৈ এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনসমূহে । দক্ষিণ কামৰূপৰ সোণতলীতো প্ৰতিবাদত নামিল আমছুৰ সোণতলী আঞ্চলিক শাখাৰ কৰ্মকৰ্তাসকল । দৰঙৰ গৰুখুঁটিৰ উচ্ছেদিত লোকক গুলীয়াই কৰি হত্যা কৰা আৰু মৃতদেহৰ ওপৰত অমানৱীয় অত্যাচাৰ চলোৱাক লৈ ৰাজ্য চৰকাৰক তীব্ৰ সমালোচনা কৰে সংগঠনটোৱে । লগতে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিকৃতি দাহ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে আমছুৰ নেতা-কৰ্মীসকলে । উচ্ছেদিত পৰিয়ালৰ পুনৰ সংস্থাপন, মৃতকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ প্ৰদানৰ দাবী জনায় । বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে প্ৰতিবাদকাৰীসকলে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.