অৰুণাচলত শিশু বিক্ৰী কৰিবলৈ গৈ গহপুৰত আটক হ’ল পাঁচজন

By

Published : Sep 19, 2021, 7:38 PM IST

thumbnail

অৰুণাচললৈ ১০ বছৰীয়া কন্যা শিশু বিক্ৰী কৰিবলৈ গৈ থকা অৱস্থাত গহপুৰ নগৰৰ মাজ মজিয়াত আটক চাৰিজন । বিশ্বনাথ জিলাৰ তিনিখুটিৰ পৰা লৈ যোৱা হৈছিল ১০ বছৰীয়া কন্যা শিশুটিক । তিনিখুটিৰে ৰাজু দৰ্জী নামৰ ব্যক্তিজনে শিশু গৰাকীৰ পিতৃক বিভিন্ন প্ৰলোভন দি অৰুণাচলত বিক্ৰী কৰিবলৈ নিছিল । উল্লেখ্য যে গহপুৰ নগৰৰ মাজ মজিয়াত অৰুণাচলৰ পৰা এখন স্ক'ৰ্পিঅ’ বাহনেৰে ক্ৰমে তাতুম লাম্পু, জেদাং থাপা, আৰু এগৰাকী গালোম গোমচাৰ নামৰ মহিলা আহি ৰৈ আছিল ৷ দুয়ো পক্ষ একলগ হৈ ধনৰ লেনদেন কৰি থাকোতেই চকুত পৰে অনুসূচিত জাতি ছাত্ৰ সন্থা, আটছাৰ বিষয় ববীয়া সকলৰ লগতে স্থানীয় ৰাইজৰ । ততাতৈয়াকৈ গহপুৰ আৰক্ষীক খবৰ দিয়াত অৰুণাচলৰ তিনিগৰাকী ব্যক্তিৰ লগতে দালাল ৰাজু দৰ্জী আৰু শিশুটিৰ পিতৃক আটক কৰি আৰক্ষীয়ে সোধ পোছ আৰম্ভ কৰিছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.