Naga aggression at Charaideo : নগাৰ উপদ্ৰৱ সন্দৰ্ভত চৰাইদেউ আৰক্ষীৰ প্ৰতিক্ৰিয়া

By

Published : Nov 26, 2021, 8:09 PM IST

thumbnail

উত্তৰ-পূৱৰ ৰাজ্যসমূহৰ সীমা সমস্যাক লৈ চৰকাৰী পক্ষৰ আলোচনা অব্যাহত আছে (government discussion about border dispute) । তাৰ মাজতে অসম-নাগালেণ্ড সীমান্তত অব্যাহত আছে নগাৰ আগ্ৰাসন (Naga aggression in the border areas)। শেহতীয়াকৈ নগা দুৰ্বৃত্তই মাৰণাস্ত্ৰ দেখুৱাই চৰাইদেউৰ সীমান্তৰ পৰা পোহনীয়া গৰু কাঢ়ি নিছিল (Naga snatched cow showing weapon at Charaideo) । জিলাখনৰ নগানদী বনগাঁৱৰ ৰাইজে অভিযোগ কৰা মতে নিশা নগা দুৰ্বৃত্তই বলপূৰ্বকভাৱে তেওঁলোকৰ গোহালিৰ পৰা গৰু লৈ গৈছিল । এই বাতৰি সংবাদমাধ্যমত প্ৰকাশ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জিলাখনৰ আৰক্ষী অধীক্ষকে । আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জানিবলৈ দিয়া মতে সোণাৰিৰ নগানদী বনগাঁৱত নগাই উপদ্ৰৱ চলোৱা নাই । গোহালিৰ পৰা নগাই গৰু লৈ যোৱা কথা মিছা বুলি দাবী কৰে আৰক্ষী বিষয়াগৰাকীয়ে । চৰণীয়া পথাৰৰ পৰা হাবিৰ মাজলৈ যোৱা গৰু বিচাৰি নাপায় গৰুৰ গৰাকীয়ে নগাই কাঢ়ি নিয়াৰ মিছা অভিযোগ দিয়া বুলি মন্তব্য কৰিছে আৰক্ষী অধীক্ষকগৰাকীয়ে । বাতৰি প্ৰকাশ হোৱাৰ পাছতে চৰাইদেউৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অমিতাভ বসুমতাৰীৰ নেতৃত্বত চলা এক অভিযানত হেৰুওৱা গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । কিন্তু কিছুদিনৰ পূৰ্বে গোহালিৰ পৰাই নগাই মাৰণাস্ত্ৰ দেখুৱাই গৰু লৈ যোৱা ঘটনাৰ তদন্ত কৰি থকা হৈছে বুলিও আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ।

TAGGED:

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.