কৰিমগঞ্জৰ বদৰপুৰত জব্দ বৃহৎ পৰিমাণৰ বাৰ্মিজ চুপাৰি

By

Published : Sep 12, 2021, 5:44 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে চুপাৰিৰ চিণ্ডিকেট । অসম চৰকাৰৰ চিণ্ডিকেট বিৰোধীস্থিতিৰ পাছতো ৰাজ্যত দুষ্টচক্ৰই অব্যাহত ৰাখিছে বাৰ্মিজ চুপাৰিৰ চেণ্ডিকেট । ট্ৰাকৰ পাছত এইবাৰ ৰেলযোগে চুপাৰি সৰবৰাহৰ চেষ্টা চলাইছে দুষ্টচক্ৰই । কৰিমগঞ্জ জিলাত এখন মালবাহী ৰেলত উদ্ধাৰ হৈছে বৃহৎ পৰিমাণৰ সন্দেহযুক্ত বাৰ্মিজ চুপাৰি । ৰেলখনৰ প্ৰায় ১৫ টা ডবাৰে সৰবৰাহৰ চেষ্টা কৰা হৈছিল চুপাৰি খিনি । ৰেলখন কৰিমগঞ্জৰ বদৰপুৰ ষ্টেচন আহি পোৱাৰ পাছতে আৰক্ষী তথা ৰেল আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে চুপাৰিখিনি । চুপাৰিখিনিৰ পৰিমাণ প্ৰায় ৩৫০ কুইণ্টলৰো অধিক হ'ব বুলি জানিব পৰা গৈছে । মণিপুৰ, ত্ৰিপুৰাৰ পৰা অসম হৈ চুপাৰিখিনি অন্য ৰাজ্যলৈ সৰবৰাহ কৰাৰ চেষ্টা কৰিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । ৰেল ষ্টেচনত উপস্থিত হৈ কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক পদ্মনাভ বৰুৱাই সমগ্ৰ বিষয়টো পৰ্যালোচনা কৰে । ইফালে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰা হৈছে বুলি আৰক্ষী অধীক্ষকে জানিবলৈ দিয়ে । অৱশ্যে কোনে এই সৰবৰাহ কৰিছিল এতিয়াও আৰক্ষীয়ে প্ৰকাশ কৰা নাই । তদন্ত অব্যাহত ৰাখিছে কৰিমগঞ্জ আৰক্ষীয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.