টীয়কৰ জাঁজীমুখৰ শগুনপাৰাত ব্ৰহ্মপুত্ৰৰ কাল খহনীয়া

By

Published : Sep 14, 2021, 4:44 PM IST

Updated : Sep 14, 2021, 10:40 PM IST

thumbnail

টীয়কৰ বানপীড়িত অঞ্চল জাঁজীমুখৰ শগুনপাৰাত মহাবাহুৱে লৈছে ভয়ংকৰ ৰূপ ৷ জাঁজীমুখৰ শগুনপাৰাত বাঢ়নীপানীৰ পাচত এতিয়া অঞ্চলটোত আৰম্ভ হৈছে ব্যাপক গৰাখহনীয়াৰ তাণ্ডব ৷ জাঁজীমুখ প্লেটফৰ্মৰ পৰা ওপৰ শগুনপাৰালৈ থকা একমাত্ৰ পথচোৱাৰ কেইবাটাও অঞ্চল ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ কৱলত পৰিছে । গাঁৱৰ ৰাইজে গছৰ ডাল কাটি গৰাখহনীয়া অংশত পেলাই খহনীয়া ৰোধৰ চেষ্টা চলাইছে যদিও সফল হোৱা নাই । উল্লেখ যে, প্ৰতিবছৰেই বানপানীৰ পাচত উক্ত অঞ্চলত খহনীয়াই তাণ্ডৱ ৰূপ ধাৰণ কৰে ৷ যাৰ ফলত পথচোৱা সংকুচিত হৈ আহিছে তথা ৰাইজৰ যাতায়াতত ব্যাঘাতৰ সৃষ্টি হৈ আহিছে । দীৰ্ঘদিনীয়া এই সমস্যাৰ সমাধানৰ বাবে ৰাইজে চৰকাৰৰ ওচৰত বহুবাৰ আবেদন নিবেদন জনাই আহিছে ৷ কিন্তু আজিলৈকে এই সমস্যাৰ সমাধানৰ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই সংশ্লিষ্ট বিভাগ অথবা চৰকাৰখনে । সেয়ে পৰিৱৰ্তনৰ শ্ল'গান আওৰাই শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰখনক এই সমস্যাৰ এক স্থায়ী সমাধান কৰিবলৈ ৰাইজে দাবী জনাইছে ।

Last Updated : Sep 14, 2021, 10:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.