বোকাখাতত মেগা ভেকচিনেচন কেন্দ্ৰ পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰীৰ

By

Published : Sep 17, 2021, 5:14 PM IST

thumbnail

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন । এই দিনটোৰ লগত সংগতি ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে জিলাই জিলাই অনুষ্ঠিত কৰিছে মেগা ভেকচিনেচন কাৰ্যসূচী । তাৰ মাজতে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই বোকাখাত উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু বোকাখাত মহকুমা অসামৰিক চিকিৎসালয়ৰ ভেকচিন কেন্দ্ৰ পৰিদৰ্শন কৰে । ইয়াৰ উপৰিও বোকাখাত চাহ বাগিচা, বিহৰা চাহ বাগিচা আদি আন কেইবাটাও ভেকচিন কেন্দ্ৰত উপস্থিত হৈ স্বাস্থ্যমন্ত্ৰী মহন্তই পৰিৱেশ পৰ্যবেক্ষণ কৰে । এই সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰীজনে কয় যে, চৰকাৰে একেদিনাই ৭ লাখ ভেকচিন প্ৰদান কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.