পাচনৈৰ বুকুত ভয়ংকৰ নাও দুৰ্ঘটনা

By

Published : Sep 6, 2021, 9:34 PM IST

thumbnail

ওৰাঙৰ ধুপগুৰীত ভয়ংকৰ নাও দুৰ্ঘটনা । পাচনৈত হোৱা নাও দুৰ্ঘটনাত সন্ধানহীন ২ বছৰীয়া শিশু । কথমতি প্ৰাণ ৰক্ষা কেইবাজনো লোকৰ । সন্ধানহীন হোৱা শিশুটো হাচিনা খাতুন বুলি জানিব পৰা গৈছে । সন্ধানহীন শিশুটিক বিচাৰি এছ ডি আৰ এফে অভিযান চলাই যদিও সন্ধান পোৱা নাই শিশুটিৰ । নাও দুৰ্ঘটনাত এখন মটৰ চাইকেলো উটি যায় ।‌ সন্ধানহীন হোৱা শিশু সহ প্ৰায় ১৫ গৰাকী যাত্ৰী আছিল দুৰ্ঘটনা সংঘটিত হোৱা নাওখনত । জানিব পৰা মতে নাও দুৰ্ঘটনাত সন্ধানহীন হোৱা শিশুটি মাতৃসহ নতুন বজাৰ স্বাস্থ্য কেন্দ্ৰত ক’ভিড ভেকচিন গ্ৰহণ কৰি উভতি আহি আছিল নাৱেৰে । কিন্তু হঠাৎ নদীৰ পানী বৃদ্ধি পোৱাত নিয়ন্ত্ৰণহীন হৈ পৰে নাও খন । দুৰ্ঘটনাটোত নাওখনৰ চালক জনো আঘাতপ্ৰাপ্ত হোৱা বুলি জানিব পৰা গৈছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.