কংগ্ৰেছৰ লগত খিলঞ্জীয়া নাই: সাংসদ দিলীপ শইকীয়া

By

Published : Sep 25, 2021, 6:48 PM IST

thumbnail

বৰপেটাত পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্ম দিৱসৰ অনুষ্ঠানত উপস্থিত সাংসদ দিলীপ শইকীয়া ৷ বৰপেটাৰ তৰুণৰাম ফুকন প্ৰেক্ষাগৃহত অনুষ্ঠিত এই অনুষ্ঠানত জয়ন্ত দাসৰ লগতে বহু বিজেপিৰ নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ দীনদয়াল উপাধ্যাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সাংসদ দিলীপ শইকীয়াই সাংবাদিকৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই ৷ ভূপেন বৰাৰ নেতৃত্বাধীন কংগ্ৰেছ দলৰ বাবেই অসমৰ ৮-৯ খন জিলাত খিলঞ্জীয়া লোক সংখ্যালঘুত পৰিণত হৈছে ৷ কংগ্ৰেছৰ তুষ্টিকৰণৰ ৰাজনীতিৰ চৰম বিপৰ্যয় হৈছে ৷ তুষ্টিকৰণ, তোষামোদ আৰু ভোট বেংকৰ ৰাজনীতি কৰি কংগ্ৰেছ বলিয়ান হৈছে ৷ মন মগজুয়ে কাম নকৰা হৈছে কংগ্ৰেছৰ ৷ কংগ্ৰেছৰ একমাত্ৰ ভৰষা আৰু সম্পদ হ’ল ৰাজ্যখনৰ এইসকল সন্দেহযুক্ত নাগৰিক ৷ কংগ্ৰেছে অসমৰ সৰ্বনাশ কৰিছে ৷ ভূপেন বৰা কংগ্ৰেছ দলৰ চৰ্দাৰ হৈছে, কিন্তু কংগ্ৰেছৰ লগত কোনো খিলঞ্জীয়া লোক নাই ৷ কংগ্ৰেছক প্ৰত্যাহ্বান জনাই সাংসদ দিলীপ শইকীয়াই কয় যে, উপ নিৰ্বাচনত কংগ্ৰেছে অকলে বা সামূহিকভাৱে নিৰ্বাচন খেলি এখন আসন পাৰে যদি দখল কৰক ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.