কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় সংগীতক চূড়ান্ত অপমান বিজেপি নেতাৰ

By

Published : Jan 4, 2021, 9:00 PM IST

thumbnail

কাৰ্বি আংলঙত ৰাষ্ট্ৰীয় গীতক চূড়ান্ত অপমান ৷ ডঃ বাণীকান্ত কাকতি বঁটা বিতৰণী অনুষ্ঠানত চূড়ান্ত অপমান বিজেপি নেতাৰ ৷ ৰাষ্ট্রীয় সংগীত পৰিবেশন কৰি থকাৰ সময়তে হাঁহি উঠিল বিজেপি নেতাৰ ৷ দেওবাৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ৱাইচং ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল স্কুটী প্ৰদানৰ কাৰ্যসূচী । সেই অনুষ্ঠানতেই সংঘটিত হয় এই ঘটনা ৷ অনুষ্ঠানত কাৰ্বি পৰিষদৰ মুৰব্বী তুলিৰাম ৰংহাং,সাংসদ হৰেন ছিং বে,বিধায়ক মানচিং ৰংপিসহ বহু প্ৰতিনিধি আৰু চৰকাৰী বিষয়াই অংশ গ্ৰহণ কৰিছিল ৷ ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰা অনুষ্ঠানত ডিষ্ট্ৰিক্ট মিছন-কো অৰ্ডিনেটৰ বিষয়া হাকিম ৰংপিয়ে ভুলকৈ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা কাৰ্যক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । আনহাতে,বিষয়াজনে ৰাষ্ট্ৰীয় সংগীত ভূলকৈ পৰিৱেশন কৰাত হাঁহি ৰখাব নোৱাৰিলে মুখ্য কাৰ্যবাহীসহ উপস্থিত প্ৰতিনিধি সকলে । জিলাৰ উচ্চ পদত অধিষ্ঠিত হোৱা এজন বিষয়াই ৰাষ্ট্ৰীয় সংগীত শুদ্ধকৈ পৰিবেশন কৰিব নোৱাৰাত জিলাখনত সম্প্ৰতি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.