কিয় ৰাজনৈতিক দলতকৈ ব্যক্তিক হে বেছি প্ৰাধান্য দিয়াৰ কথা ওলাল ভৱেশ কলিতাৰ মুখত ?

By

Published : Feb 10, 2022, 10:51 AM IST

Updated : Feb 10, 2022, 12:03 PM IST

thumbnail

পৌৰসভা নিৰ্বাচনকলৈ প্ৰস্তুতি তুংগত কৰি তুলিছে বিজেপি দলে(Municipal Elections 2022) ৷ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই(Assam BJP President Bhabesh Kalita) বুধবাৰে মঙলদৈত ভেবাৰঘাটৰ বিজেপিৰ জিলা কাৰ্যালয়ত উপস্থিত হৈ এখন পৰ্যালোচনা বৈঠকত মিলিত হয় । তেওঁ আগন্তুক পৌৰসভা নিৰ্বাচনত অগপৰে বিজেপিৰ মিত্ৰতা অব্যাহত থকাৰ কথা জানিবলৈ দিয়ে ৷ অৱশ্যে এই মিত্ৰতা ৰাজ্যিকভাৱে থকাৰ বিপৰীতে স্থানীয়ভাৱেহে হ’ব লাগে বুলি মন্তব্য কৰে । তেওঁ লগতে পৌৰসভা নিৰ্বাচনকলৈ দলীয় কাৰ্যকর্তাসকল এশ শতাংশ প্ৰস্তুত থকাৰ কথা সদৰি কৰে । ইয়াৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে স্থানীয় নিৰ্বাচনত স্থানীয়ভাৱে প্ৰাধান্য থকা নেতাক নিৰ্বাচন কৰিব লাগে বুলি ব্যক্ত কৰে ৷ ৰাজনৈতিক দলতকৈ ব্যক্তিক বেছি প্ৰাধান্য দিব লাগে বুলি উল্লেখ কৰে কলিতাই(Bhabesh Kalita talk about Municipal Elections) ।

Last Updated : Feb 10, 2022, 12:03 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.