Dress Controversy : কি ক’লে ভুক্তভোগী জুবলীয়ে ?

By

Published : Sep 17, 2021, 4:03 PM IST

Updated : Sep 17, 2021, 7:24 PM IST

thumbnail

হাফ পেণ্ট বিতৰ্কই জোঁকাৰি গৈছে সমগ্ৰ ৰাজ্য ৷ হাফ পেণ্ট পৰিধান কৰি যোৱাৰ বাবেই পৰীক্ষা দিয়াত বাধা এগৰাকী যুৱতীক ৷ তেজপুৰ ডেকাগাঁওস্থিত গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ ফাৰ্মাচিউটিকেল চায়েন্সত সংঘটিত হৈছে এই ঘটনা ৷ অৱশেষত গাত পৰ্দা মেৰিয়াই পৰীক্ষাত বহিব লগা হ'ল বিশ্বনাথ চাৰিআলিৰ জুবলী তামুলী নামৰ ছাত্ৰীগৰাকীয়ে ৷ যুৱতীগৰাকীৰ অভিযোগ, এডমিট কাৰ্ডত পৰীক্ষাত বহাৰ বাবে কোনো বিশেষ ড্ৰেছ ক'ডৰ কথা উল্লেখ নাছিল ৷ সেয়ে নিজৰ সুবিধা অনুযায়ী এক মাৰ্জিত সাজ পিন্ধিয়েই তেওঁ অসম কৃষি বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা দিবলৈ গৈছিল ৷ জুবলীৰ অভিযোগ, হাফ পেণ্ট পৰিধান কৰি যোৱাত তেওঁক কমনচেন্স নাই নেকি বুলি প্ৰশ্ন কৰি পৰীক্ষাত দিয়াত বাধা দিছিল প্ৰতিষ্ঠানখনৰ দুগৰাকী দায়িত্বশীল মহিলাই ৷ অৱশেষত পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰায় 30 মিনিট পাচত গাত পৰ্দা মেৰিয়াই পৰীক্ষাত বহিবলৈ বাধ্য হয় জুবলী ৷ এই ঘটনাক একপ্ৰকাৰ মানসিক হাৰাশাস্তি বুলি জুবলীয়ে অভিযোগ উত্থাপন কৰিছে ৷ এই ঘটনাৰ পাচতে ৰাজজুৰি ভিন্ন মহলত ভিন্ন চৰ্চা চলা পৰিলক্ষিত হৈছে ৷ জানো আহক এই সন্দৰ্ভত ভুক্তভোগী জুবলী আৰু তেওঁৰ পিতৃয়ে কি কয় ?

Last Updated : Sep 17, 2021, 7:24 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.